আমচাংঅভয়াৰণ্যতবেদখল মুক্ত কৰাৰ বাবে যোৱাকালি পানীখাইতি শাখা ছাত্ৰ সন্থাই বোন্দা বনাঞ্চলিক বিষয়াক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। এই পত্ৰক ভিত্তি কৰি আজি জোনাকী নগৰত বন বিভাগৰ এটি দল আহি বেদখলকাৰীক২-৩দিনত সেই স্থান ত্যাগ কৰাৰ নিৰ্দেশ প্ৰদান কৰে অন্যথা উচ্ছেদৰ সন্মুখীন হ'ব লাগিব বুলি কয়।
বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ ড:অনিমা গুহৰ বিয়োগত অত্যন্ত মৰ্মাহত ৷ তেখেতৰ মৃত্যু অসমৰ সাহিত্য জগতখনৰ লগতে সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ ৷