জনসংখ্যা ১ লাখ ৮০ হেজাৰৰ দেশ কেৰিবিয়ান দ্বীপপুঞ্জৰ ছেণ্ট লুচিয়া ৷পেৰিছ অলিম্পিকৰ ১০০ মিটাৰ স্প্ৰিণ্টত সেই ক্ষুদ্ৰ দেশখনৰ জুলিয়েন আলফ্ৰেডে স্বৰ্ণ পদকৰে দ্ৰুততম মানৱী হৈ পৰিল ৷২০২৪ ত অসমৰ জনসংখ্যা ৩.৬২ কোটি আৰু ভাৰতৰ ১৪৫ কোটি ৷কথা বিলাক ভবাৰ সময় হৈছে ৷
অসম চৰকাৰৰ দুটা বিভাগৰ কামৰ ওপৰত মুকলি পৰ্যালোচনাৰ প্ৰয়োজন হৈছে৷ বন বিভাগ আৰু জলসিঞ্চন বিভাগ ৷ অতি গুৰুত্বপূৰ্ণ বিভাগ দুটাই ৰাইজৰ স্বাৰ্থত নে কোনো অপশক্তিৰ স্বাৰ্থত কাম কৰি আছে ৷