Top Tweets for #Midnight_Musing
~ভাষাৰ বিলৈ_হায়ৈ বিয়ৈ~
#Midnight_Musing #Resharing
চাৰিআলিৰ চুকত বাহিৰৰ মানুহ এজনে প্ৰশ্নৰ উত্তৰ নিদি অলপ ফিচিঙা ফিচিং কৰি থাকিলে যেতিয়াই কৈ দিয়া যায়, "আপকো আছামীয়া চমঝ্ মে নাহি আতা হে ক্যা ?", তেতিয়াই তেওঁক এটা ধাৰণা দি দিয়া হয় যে অসমত অসমীয়াৰ "অ" টো নাজানিলেও চলি যাব পাৰি, ব্যৱসায় বানিজ্য কৰি ধনী হ'ব পাৰি । বাহিৰৰ মানুহজন জ্যোতি আগৰৱালাৰ মামাকৰ পিতেক নহয় যে তেওঁ অসমীয়া ভাষাক বুকুৰ কুটুম বুলি ল'ব । মূলতঃ এইসকল টেঙৰ ব্যৱসায়ী - লাভ লোকচান য'ত মূল বিষয়! দুই-এজনে অসমীয়া শিকিব পাৰে কিন্তু তেওঁলোকৰ বাবে নতুনকৈ ভাষা এটা শিকাৰ প্ৰয়োজন নো কি? - নিশিকিলেও ধুনীয়াকৈ যিহেতু চলি যায় । অদৰকাৰী বস্তুৰ প্ৰতি মানুহৰ সন্মান এনেইও কম ।
এইক্ষেত্ৰত পৰিবেশ এটা গঢ় দিয়াৰ দায়িত্ব আমাৰ, য'ত বাহিৰৰ মানুহে ক'ব লাগিব, "অসমত অসমীয়া নাজানিলে.. চলিবলৈ অলপ দিগদাৰ!" যিদৰে পোলেণ্ডত পোলিছ্ ভাষা নাজানিলে চলিবলৈ দিগদাৰ, ছেকিয়াত ছেক্ ভাষা নক'লে চলিবলৈ অলপ দিগদৰ । বহু শিক্ষিত লোকে ক'ব পাৰে যে, "আৰে! এনে অৱস্থাত দেখোন অসমত বাহিৰা investment য়েই নহ'ব !" কিন্তু আমাৰ যুক্তি হ'ব: যদি নিজৰ মুখৰ ভাষাক বলিদান দি অসমক ছিলিকন ভেলী বনাব বিচাৰিছে, তেন্তে তেনে ছিলিকশ ভেলী লুইতত জাহ যোৱাটোয়েই কাম্য । অসমীয়াৰ ঘৰত ভাত খাবলৈ দিব পাৰি - "অতিথি দেৱ ভব" ; কিন্তু আঙুলি খাবলৈতো দিব নোৱাৰি ! বৰ্তমান পৰিস্থিতিত আঙুলিৰ লগতে আমাৰ আত্মাও কাঁহীত সজাই দিয়া হয় ।
অসমীয়া এটা অতীতত বাস কৰা জাতি ! লাচিতে এনেকুৱা কৰিছিল, অম্বিকাগিৰীয়ে এনেকুৱা লিখিছিল... অমুক-তমুক.. কিন্তু বৰ্তমানৰ অৱস্থা কি ? এটা স্বাভিমান শূণ্য উদাসীন জাতি যি মুখৰ ভাষাৰ মান ৰক্ষাত বিফল । Survival of the fittest ৰ সংজ্ঞাত দুৰ্বলক লাহে লাহে সবলে স্থানচ্যুত কৰিব, আৰু তাৰ পৰিসংখ্যা আমাৰ চকুৰ আগত ।
আকৌ মান্ধাতা যুগতে "ন-অসমীয়া" মানে "মি* ঞা" সকলৰ মুখতো অসমীয়া ভাষা ৰৰৈয়া মাত ওলাইছিল । দিন বাগৰাৰ লগে লগে তেওঁলোকে নহৰু ছেলোৱা দাঁত দেখুওৱাবলৈ লৈছে - অসমলৈ আহি নিজৰ আলু সিজাবলৈ এসময়ত অসমীয়া শিকাৰ প্ৰয়োজন আছিল ; এতিয়া নাই । গতিকে অসমীয়া ভাষাৰ কিহৰ প্ৰয়োজন !
বিশ্ববিদ্যালয়বোৰতো অসমীয়াত MA/PhD কৰি কেৱল competitive exam দিয়াৰ বাবে অথবা শিক্ষকৰ চাকৰি লৈ কেৱল পৰিয়াল পৰিকল্পনাৰ বাবে অসমীয়া বিভাগবোৰ প্ৰতিষ্ঠা কৰিছিল যেন অনুভৱ হয় । নতুন আকৰ্ষণীয় ধাৰাৰ সাহিত্যৰ সৃষ্টি তথা ভাষাৰ সম্প্ৰসাৰণৰ দায়িত্ব এই অসমীয়া পঢ়ি থকা ল'ছালীখিনিৰ অধিক । সংকুচিত হৈ অহা ভাষা এটাক লৈ আমাৰ বিশ্ববিদ্যালয়বোৰত চলি থকা "হাই-ফাই" গৱেষণা দেখিলে খুব হাঁহি উঠে ! ক'বলৈ মন যায় যে, তেল -পিয়াজেই নাই ইফালে গাহৰি মাংস খাম নে পঠা ছাগলী খাম বিশ্ববিদ্যালয়ত তাৰ আলোচনা চলি আছে । ভাষাটোৰ সম্প্ৰসাৰণ তথা সৰলীকৰণত বিদ্যায়তনিক ক্ষেত্ৰখনৰ অৱদান কি বুলি সুধিলে শূণ্যৰ বাদে বেলেগ উত্তৰ একো নাপাওঁ ।
আশাৰ বিষয়টো হ'ল উঠি অহা ল'ছালীবোৰৰ ভাষাপ্ৰীতি । ফেচবুক, কলেজ-স্কুলৰ আলোচনী, নতুন গান-নাটক আদিৰ মাধ্যমেৰে অতি উচ্চ স্তৰৰ সাহিত্য চৰ্চা তথা লিখনি প্ৰকাশ হৈ থকা দেখোঁ । সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে কুল শইকীয়াদেৱে লোৱা পদক্ষেপো কিছু আশাব্যঞ্জক আছিল ! নতুন চামক উৎসাহ প্ৰদান তথা ব্যক্তিগত স্তৰত নিজৰ ঘৰখনতে বা বজাৰখনতে ভাষাটোক সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টাটোয়েই মূল উদ্দেশ্য হ'ব লাগে । সৰুতে যি বুঢ়ী আইৰ সাধু ভাল পাব, ডাঙৰ হ'লে সি অসমীয়া ভাষাও ভাল পাব, আৰু ভাষাৰ সম্প্ৰসাৰণৰ বাবেও কাম কৰিব - বুজাই বুজিছে চাগে কি কৈছোঁ !
কথাখিনি আগতেই লিখা, আকৌ চেৰিয়াই দিছোঁ । অপৰাধ বিনাশন..🙏
Why is adulthood all about living in a nostalgia of the good old days or a constant fear of tomorrow?
How about we pause for a while, forget about what was or what will be, and enjoy what is. 😌
#midnight_musing
In the midst of nature
Our talks endure
There's no one to meddle
There's no one to ramble
It's us, lost in the words
Lost in the woods
Along the moon side
We abide.
#midnight_musing

If only people start treating others the way they want to be treated, the world would be a beautiful place...
#midnight_musing #pondering
Last Seen Hashtags on Sotwe
sakso Türk
Seen from Turkey
深喉
Seen from Malaysia
teenagegirls() teenage
Seen from Sweden
Momson() +filter:native_video
Seen from Brazil
bursagay
Seen from France
teenager
Seen from Germany
nolimit ()
Seen from United States
samsungay
Seen from Germany
BigNaturalTits
Seen from France
arianfzn
Seen from Mexico
Most Popular Users

Elon Musk 
@elonmusk
241M followers

Barack Obama 
@barackobama
119.2M followers

Cristiano Ronaldo 
@cristiano
111.9M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107M followers

Rihanna 
@rihanna
98M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.2M followers

KATY PERRY 
@katyperry
88.4M followers

Taylor Swift 
@taylorswift13
82.2M followers

Lady Gaga 
@ladygaga
73.8M followers

Virat Kohli 
@imvkohli
71M followers

Kim Kardashian 
@kimkardashian
70.1M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.3M followers

Neymar Jr 
@neymarjr
63.9M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.8M followers

Selena Gomez 
@selenagomez
61.4M followers

X 
@x
60.8M followers



