অসম গণ পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদী দৰ্শনেই ৰাইজৰ আস্থা বৃদ্ধিৰ মূল কাৰক। অজস্ৰজনৰ সংগ্ৰাম, আত্মত্যাগ আছে অসম গণ পৰিষদৰ জন্মৰ আঁৰত। ১৯৮৫ চনৰপৰা এদিন-দুদিন কৰি অৱশেষত আজি ৪০ বছৰত ভৰি দিলে অগপই। আজি ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত আয়োজিত অগপৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ শ্বহীদ তৰ্পণ আৰু সতীৰ্থ সোঁৱৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ আৰু সকলোৰে প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাওঁ।
লগতে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰোঁ আৰু এই ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসত দলৰ গৌৰৱময় পতাকাখনৰ তলত থিয় হৈ আমি আকৌ এবাৰ অসমৰ জাতীয় জীৱনক, জাতীয়তাবাদক শক্তিশালী কৰি তোলাৰ বাবে অংগীকাৰবদ্ধ হ'লোঁ। অসমী আইৰ বুকুত আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱে ধৰি ৰাখি অসমবাসীৰ হকে আমি ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পুনৰ সংকল্প ল'লোঁ।
The progressive regionalism philosophy of the Asom Gana Parishad (AGP) has significantly fostered the trust of the people. Behind the founding of the AGP lies a history marked by countless struggles and sacrifices.
Since its establishment in 1985, the party has grown and today celebrates its 40th anniversary. I had the honor of participating in the central program held in Jerai Gaon, Chabua, Dibrugarh district, which included tributes to martyrs and the remembrance of esteemed colleagues. I expressed my heartfelt homage to all.
During the flag hoisting ceremony, I stood proudly beneath the party's illustrious banner. On this significant day, we reaffirm our commitment to strengthening regionalism in Assam. With pride in the hearts of the Assamese people, we resolve to work unitedly for the welfare of Assam and its people.
দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে ৪০ বছৰীয়া হ'ল অসম গণ পৰিষদ, ৭৩০৪৪-৭৩০৪৪ নম্বৰত ডায়েল কৰি আপুনিও হওক অগপৰ বৃহৎ পৰিয়ালটোৰ সদস্য।
জাতিটোক মনে-প্ৰাণে ভালপোৱা সহস্ৰাধিক জনতাৰ বৃহৎ সমাৱেশেৰ আজি ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাইগাঁৱৰ পথাৰত কেন্দ্ৰীয়ভাৱে অসম গণ পৰিষদৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপিত হ'ল। দলীয় সতীৰ্থসকলৰ সৈতে এই বিশেষ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অতিশয় আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ।
অগপক নতুন ৰূপত প্ৰাণৱন্ত কৰি তুলিলে অসমো নতুন ৰূপত প্ৰাণৱন্ত হৈ উঠিব।অসমীয়া জাতিয়ে ভাষা-কৃষ্টি-সংস্কৃতিকে ধৰি জাতীয় জীৱনৰ বিভিন্ন দিশৰ সুৰক্ষাৰ স্বাৰ্থত অসম গণ পৰিষদৰপৰা বহুখিনি আশা কৰে। অগপ নিজৰ স্থিতিত সদায় অটল হৈ আছে আৰু থাকিব। আমাৰ লক্ষ্য এটাই-- অসমীয়া জাতিৰ সৰ্বাংগীণ সুৰক্ষা। শংকৰ-মাধৱ, জ্যোতি-বিষ্ণু, ভূপেনদাৰ আদৰ্শেৰে আমি অসমখনক ন উদ্যমেৰে আগুৱাই লৈ যাম। মাতৃভূমি অসমৰ বাবেই আমি নিৰন্তৰ যুঁজি যাম। বৃহত্তৰ অসমীয়া সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে আমি নিষ্ঠাৰে আৰু দায়বদ্ধভাৱে কাম কৰি যাম।-- এই বাৰ্তাৰে আজি সভাত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজক সম্বোধন কৰিলোঁ।
অসম গণ পৰিষদৰ সভাপতি হিচাপে ৰাইজক বিশ্বাস জন্মাব বিচাৰিছোঁ-- আমি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ঐতিহ্য-পৰম্পৰা, মৰ্যাদা, অধিকাৰৰ হকে সদায় সবল স্থিতি গ্ৰহণ কৰি যাম। অনাগত দিনবোৰত এখন নতুন অসমৰ সপোনেৰে আমি আগবাঢ়িম। আমি কেৱল অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ। ৰাইজৰ আশিস শিৰত লৈ ৪০ বছৰীয়া উত্থান, প্ৰত্যাহ্বানৰ অভিজ্ঞতাৰে পুষ্ট অসম গণ পৰিষদে অসমত আঞ্চলিকতাবাদৰ নতুন জোৱাৰ আনিব বুলি আজিৰ এই বিশেষ দিনটোত আমি দৃঢ় হৈছোঁ।
আজিৰ সভাতেই এক বৃহৎ ডিজিটেল সদস্যভৰ্তি অভিযান আৰম্ভ কৰোঁ। এতিয়াৰেপৰা ৭৩০৪৪-৭৩০৪৪ ডায়েল কৰি ডিজিটেল পদ্ধতিৰে অগপৰ সদস্য হ'ব পাৰিব। দলটো শক্তিশালী কৰাৰ স্বাৰ্থত এই সদস্যভৰ্তি অভিযান সফল কৰি তোলাৰ বাবে দলীয় সতীৰ্থসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনালোঁ।
অনুষ্ঠানটিত অসম গণ পৰিষদৰ ভেটি নিৰ্মাণৰ হকে অহোপুৰুষাৰ্থ কৰি যোৱা এগৰাকী জ্যেষ্ঠ জাতীয়তাবাদৰ সৈনিক ড° কামিনী ৰঞ্জন বৰুৱা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই সুখী হৈছোঁ।
অগপৰ মাননীয় কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মাননীয় সাংসদদ্বয় শ্ৰী বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য ডাঙৰীয়া আৰু শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী মুকুতানন্দ গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, দলৰ কেউটা ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে দলৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাসকল, অগপৰ শুভাকাংক্ষী আৰু অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা শ্ৰদ্ধাৰ ৰাইজৰ অংশগ্ৰহণেৰে আজিৰ অনুষ্ঠানটিৰ সফল সামৰণি হয়। অনুষ্ঠানটিৰ সফল আয়োজনত আগভাগ লোৱা অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী পোনাকণ বৰুৱা, কাৰ্যকৰী সভাপতি শ্ৰী বিমল বৰুৱা প্ৰমুখ্যে প্ৰতিগৰাকী কৰ্মকৰ্তাকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Celebrating its 40th anniversary, the Asom Gana Parishad (AGP) invites you to join our family by dialing 73044-73044.
Today, we commemorated the 40th Foundation Day of the AGP with a grand event at Jerai Gaon, Dibrugarh, attended by thousands. I felt immensely happy and proud to participate in this special occasion alongside my fellow party members.
The AGP has consistently stood firm in safeguarding the interests of the greater Assamese community and the state, and we will continue to do so. Our primary objective is the comprehensive protection of the Assamese people. Guided by the ideals of Sankar-Madhab, Jyoti-Bishnu, and Bhupen Da, we are determined to advance the development of Assam. We will tirelessly strive for our motherland, committed to addressing the various challenges faced by the Assamese society.
As the president of the AGP, I aim to instill trust in the public—we will always uphold the traditions, dignity, and rights of all ethnic communities in Assam. In the days ahead, we will move forward with the vision of a new Assam. We seek the blessings and cooperation of the people of Assam. With their support, the AGP, enriched by 40 years of experience, is poised to usher in a new wave of regionalism in Assam.
Today, I launched a significant Digital Membership Drive. From now on, individuals can join the AGP digitally by dialing 73044-73044. I urge all party members to work diligently to ensure the success of this membership campaign.
I held separate meetings today with the officials from the Agriculture Department, Animal Husbandry and Veterinary Department, and the Block Development Officer of Golaghat West Development Block.
During these meetings, I discussed various issues with each department and provided the necessary instructions for them to take the required actions.
@sarbanandsonwal@BJP4India Thank you for your unwavering dedication and leadership! It's an honor to support and witness such a strong campaign led by values and vision. #BJP#AGP